নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুছলিমসকলক সাতটা বিষয়ৰ নিৰ্দেশ দিছে আৰু সাতটা বিষয়ৰ পৰা নিষেধ কৰিছে। আদেশ দিয়া বিষয় কেইটা হৈছেঃ প্ৰথমঃ অসুস্থ তথা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যোৱা। দ্বিতীয়ঃ জানাযাৰ নামাজত অংশগ্ৰহণ কৰা, জানাযাৰ পিছে পিছে যোৱা, দাফন কৰা আৰু মৃত ব্যক্তিৰ বাবে দুআ কৰা। তৃতীয়ঃ হাঁচি কৰি যিয়ে আলহাম্দুলিল্লাহ কৈছে, তাৰ উত্তৰত এই বুলি কোৱাঃ য়াৰহামুকাল্লাহ। চতুৰ্থঃ শপত খোৱা ব্যক্তিৰ শপত পূৰণ কৰা, আৰু সেইটোক বাস্তৱায়িত কৰা। অৰ্থাৎ যদি কোনোবাই কোনো বিষয়ত শপত খায়, আৰু আপুনি সেইটো পূৰণ কৰিবলৈ সক্ষম তেন্তে সেইটো পূৰণ কৰিবলৈ চেষ্টা কৰিব। যাতে তেওঁ নিজৰ শপতৰ কাফ্ফাৰা দিবলগীয়া নহয়। পঞ্চমঃ নিৰ্যাতিত ব্যক্তিক সহায়-সহযোগিতা কৰা। সক্ষম অনুযায়ী অন্যায়কাৰীৰ অত্যাচাৰৰ পৰা তাক ৰক্ষা কৰা। ষষ্ঠঃ খাবলৈ জনোৱা নিমন্ত্ৰণকাৰীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিব লাগে। যেনে- বিবাহৰ দাৱাত, আক্বীকাৰ দাৱাত ইত্যাদি। সপ্তমঃ ছালাম প্ৰচাৰ কৰা আৰু ছালামৰ উত্তৰ দিয়া। নিষেধ কৰা বিষয় কেইটা হৈছেঃ প্ৰথমঃ সোণৰ আঙুঠি পৰিধান কৰা তথা অলংকাৰ হিচাপে ব্যৱহাৰ কৰা। দ্বিতীয়ঃ ৰূপৰ পাত্ৰত পান কৰা। তৃতীয়ঃ ঘোঁৰা বা উটৰ ওপৰত বহিবলৈ ৰেচমেৰে তৈয়াৰ কৰা গাদী ব্যৱহাৰ কৰা। হাদীছত ইয়াক মায়াছিৰ বুলি কৈছে। চতুৰ্থঃ ৰেচম মিশ্ৰিত সুতাৰে তৈয়াৰ কৰা কাপোৰ পৰিধান কৰ। যিটোক কিচ্ছি বুলি কোৱা হৈছে। পঞ্চমঃ খাঁটি ৰেচমী কাপোৰ পৰিধান কৰা। ষষ্ঠঃ মোটা ৰেচমী কাপোৰ পৰিধান কৰা। সপ্তমঃ পাতল তথা মুলাইম উন্নতমানৰ ৰেচমী কাপোৰ পৰিধান কৰা।