নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কাফিৰ মুশ্বৰিকৰ সৈতে সক্ষম অনুযায়ী সৰ্বতো প্ৰকাৰে সংগ্ৰাম কৰিবলৈ নিৰ্দেশ দিছে। যাতে আল্লাহৰ কলিমা সৰ্বোচ্চ থাকে। ইয়াৰ বাবে কৰিবলগীয়া কেইটামান কাম যেনে- প্ৰথমঃ যুদ্ধত নিজৰ সম্পদ ব্যয় কৰা। যেনে- মুজাহিদৰ ভৰণ-পোষণ আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰাত ব্যয় কৰা। দ্বিতীয়ঃ নিজে যুদ্ধত অংশ গ্ৰহণ কৰা, সিহঁতৰ মুখামুখী মুকাবিলা কৰা আৰু প্ৰতিৰক্ষা কৰা। তৃতীয়ঃ সিহঁতক মৌখিকভাৱে দ্বীনৰ প্ৰতি আহ্বান কৰা, সিহঁতৰ ওপৰত প্ৰমাণ সাব্যস্ত কৰা, সিহঁতৰ ভুল ধাৰণাৰ খণ্ডন কৰা।