হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, প্ৰতিজন মুমিনৰ মাজতেই কল্যাণ আছে। কিন্তু ঈমান, প্ৰতিজ্ঞা, ধন-সম্পদ আদি শক্তিৰ ক্ষেত্ৰত দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন আল্লাহৰ দৃষ্টিত অধিক পছন্দনীয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিনসকলক আল্লাহৰ ওপৰত ভৰসা কৰিবলৈ, তেওঁৰ সহায় বিচাৰিবলৈ আৰু তেওঁৰ ওপৰত তাৱাক্কুল কৰি দুনিয়া আৰু আখিৰাতত উপকাৰ হ'ব পৰা বিষয়ৰ উপায় অৱলম্বন কৰিবলৈ উপদেশ দিছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুনিয়া আৰু আখিৰাতৰ উপকাৰী বিষয়ত অৱহেলা কৰিবলৈ, সেইবোৰ পালনত গধূৰ অনুভৱ কৰিবলৈ তথা অক্ষমতা প্ৰকাশ কৰিবলৈ নিষেধ কৰিছে। কাৰণ আমল কৰাৰ ক্ষেত্ৰত মুমিনে যদি সাধ্য অনুযায়ী চেষ্টা কৰে আৰু পৰ্যাপ্ত উপায় অৱলম্বন কৰে, আল্লাহৰ ওচৰত কল্যাণ বিচাৰি সহায় প্ৰাৰ্থনা কৰে, তেন্তে তাৰ ওপৰত আৰু কোনো অভিযোগ নাথাকে, সেই বিষয়টো আল্লাহৰ ওপৰত অৰ্পন কৰা হয়। জানি থোৱা উচিত যে, আল্লাহে যিটো নিৰ্ধাৰণ কৰে সেইটোৱে কল্যাণ। ইয়াৰ পিছতো যদি কোনো বিপদৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে এইটো কোৱা উচিত নহয় যে, "মই যদি এইটো কৰিলোহেঁতেন তেন্তে এইটো হ'লহেঁতেন।" কাৰণ "যদি" শব্দটোৱে চয়তানৰ দুৱাৰ খুলি দিয়ে, ইয়াৰ দ্বাৰা ভাগ্যত অভিযোগ কৰাৰ দুঃসাহস কৰে, আৰু যিটো পোৱা নাই সেইটোৰ বাবে অধিক অনুতাপ হয়। বৰং ইয়াৰ বিপৰীতে ভাগ্যৰ ওপৰত সন্তুষ্ট হৈ এইদৰে ক'ব লাগেঃ "قَدر الله، وما شاء فعل" এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্য, তেওঁ যিটো বিচাৰে সেইটোৱে কৰে। গতিকে যিটোৱে সংঘটিত হয় সেইটো আল্লাহৰ ইচ্ছা মুতাবিকে হয়। কাৰণ তেওঁ সেইটোৱে কৰে যিটো তেওঁ বিচাৰে। তেওঁৰ সিদ্ধান্তক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে আৰু তেওঁৰ ফয়চালাৰ ওপৰত কোনো মন্তব্যকাৰী নাই।