আমীৰুল মুমিনীন ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ এটা বৈঠকত কিছুমান চাহাবাৰ উপস্থিতিত তেওঁ তেওঁলোকক সুধিলেঃ তোমালোকৰ মাজৰ কোনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছা? তেওঁলোকৰ কিছুমানে ক'লেঃ আমি তেখেতক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছোঁ। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সম্ভৱতঃ তোমালোকে সেই ফিতনা তথা পৰীক্ষাৰ কথা কৈ আছা? যিটো ফিতনাৰ সন্মুখীন মানুহে নিজৰ আত্মীয়সকলৰ ক্ষেত্ৰত হ'বলগীয়া হয়। যেনে- স্ত্ৰী আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত, সিহঁতক অত্যন্ত মুহাব্বত কৰাৰ কাৰণে, সি কৃপণ হৈ পৰে আৰু বহুতো কল্যাণৰ পৰা আঁতৰি থাকে। অথবা সি সিহঁতৰ প্ৰাপ্য অধিকাৰ আদায় কৰাৰ ক্ষেত্ৰত, বা শিক্ষা দীক্ষা দিয়াৰ ক্ষেত্ৰত অৱহেলা কৰে। এইদৰে তোমালোকে হয়তো প্ৰতিৱেশীৰ ফালৰ পৰা সন্মুখীন হ'বলগীয়া ফিতনাৰ কথা কৈ আছা? তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেওঁ ক'লেঃ এইবোৰ ফিতনাই আত্মপৰ্যালোচনাৰ দাবী কৰে। এইবোৰত এনেকুৱা থাকে যিবোৰ নেক আমলৰ জৰিয়তে প্ৰায়শ্চিত্ত হৈ যায়, যেনে- নামাজ, ৰোজা আৰু চাদাক্বাহ আদিৰ জৰিয়তে। কিন্তু তোমালোকৰ মাজৰ কোনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ব্যাপক ফিতনা সম্পৰ্কে আলোচনা কৰা শুনিছা, যিবোৰ ফিতনা বৃহৎ বৃহৎ আকাৰত আহিব, বিভিন্ন প্ৰকাৰে আহিব, সেইবোৰ ফিতনা এনেকৈ আহিব, যেনেকৈ সাগৰত প্ৰকাণ্ড প্ৰকাণ্ড ঢৌ আহে। তেতিয়া সকলোৱে মৌন হৈ পৰিল, আৰু হুজাইফা ইবনুল য়ামান ৰাদ্বিয়াল্লাহু আনহুমাই ক'লেঃ মই শুনিছোঁ। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহু আনন্দিত হৈ পৰিল আৰু ক'লেঃ তোমাৰ পিতৃৰ প্ৰতি আল্লাহে ৰহম কৰক, যাৰ পৰা তোমাৰ দৰে এজন সুসন্তানৰ জন্ম হৈছে। হে হুজাইফা! কোৱা, যি শুনিছা। তেতিয়া হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ফিতনাবোৰ প্ৰকট হয় আৰু মানুহৰ হৃদয়ৰ পৃষ্ঠ ভাগত আৰু কাষত আঠা লাগা দি লাগি ধৰে, যিদৰে মানুহে পাটীত বা ঢাৰিত খালি শৰীৰে শুলে শৰীৰত দাগ বহি পৰে। এইবোৰ ফিতনাই হৃদয়ক গভীৰভাৱে প্ৰভাৱিত কৰে আৰু বাৰে বাৰে আক্ৰমণ কৰে, এটাৰ পিছত এটা। যিটো হৃদয়ত এইবোৰ ফিতনা প্ৰৱেশ কৰে, লগতে যিয়ে ইয়াক পছন্দ কৰে আৰু অন্তৰত ইয়াক মিশ্ৰিত কৰি লয়, যিদৰে পানীৰ সৈতে নিমখ আদি মিশ্ৰিত হয়। তাৰ অন্তৰত এটা ক'লা দাগ পৰে। আনহাতে যি অন্তৰে এই ফিতনাক বৰ্জন কৰে, সেই অন্তৰত এটা বগা চিন পৰে। এইদৰে দুয়োটা অন্তৰ দুই ধৰণৰ হৈ পৰে: এটা অন্তৰ, যিটো ঈমানী পৰিপক্কতাৰ কাৰণে আৰু দোষ-ত্ৰুটিৰ পৰা সুৰক্ষিত থকাৰ কাৰণে উজ্জ্বল হৈ পৰে, ফলত ফিতনাই তাত প্ৰভাৱ পেলাব নোৱাৰে, তথা লাগি ধৰিব নোৱাৰে। যিদৰে পৰিষ্কাৰ শিলত কোনো বস্তু টিকি থাকিব নোৱাৰে। ফলত ফিতনাই সেই হৃদয়ক কোনো প্ৰকাৰে প্ৰভাৱিত নোৱাৰে, অৱশেষ এই অৱস্থাতে তেওঁ আল্লাহৰ সৈতে সাক্ষাৎ কৰে। পক্ষান্তৰে আনটো অন্তৰ, ফিতনাৰ ফলত একেবাৰে ক'লা হৈ পৰে। সেই অন্তৰৰ অৱস্থা হৈছে ওলটি থকা কলহৰ দৰে, য'ত পানী ভৰিব নোৱাৰি। সেয়ে এনেকুৱা অন্তৰত কল্যাণ তথা হিকমত সোমাব নোৱাৰে। তাৰ অন্তৰে যিটো ভাল পায় তাৰ বাহিৰে সি সঁচা মিছা আৰু ভালপোৱা একো বুজি নাপায়। হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে ওমৰ ৰাদ্বিয়াল্লাহু আনহুক আৰু কৈছিলঃ এই ফিতনাবোৰ আপোনাৰ জীৱনকালত প্ৰকট নহ'ব। আপোনাৰ আৰু সেই ফিতনাবোৰৰ মাজত এটা বন্ধ দুৱাৰ আছে। অচিৰেই সেইটো ভাঙি পেলোৱা হ'ব। এই শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সঁচাই সেইটো ভাঙি পেলোৱা হ'বনে? যদি সেইটো খোলা হ'লহেঁতেন তেন্তে পুনৰ বন্ধ কৰা গ'লহেঁতেন। হুজাইফাই ক'লেঃ নহয়। সেইটো ভাঙি পেলোৱাহে হ'ব। সেই দুৱাৰটো হৈছে এজন মানুহ। যাক হত্যা কৰা হ'ব অথবা স্বাভাৱিক মৃত্যুবৰণ কৰিব। মই যিখিনি কথা দাঙি ধৰিলোঁ, এইটো হৈছে সত্য সংবাদ। এইটো পূৰ্বৱৰ্তী কিতাবৰ কোনো কল্প কাহিনী নহয়, আৰু কোনো মন্তব্যকাৰীৰ মন্তব্যও নহয়। বৰং এইটো হৈছে প্ৰিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ।