নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৱাৰ ভাগত, অৰ্থাৎ ফজৰৰ পিছত দিনৰ প্ৰথম সময়ছোৱাত এই দুআটো পাঠ কৰিছিলঃ (اللَّهُمَّ بِكَ أَصْبَحْنَا) হে আল্লাহ! তোমাৰ হিফাজতৰ ভিতৰত থাকি, তোমাৰ নিয়ামতেৰে আগুৰি থাকি, তোমাৰ স্মৰণত ব্যস্ত হৈ, তোমাৰ নামৰ সহায় বিচাৰি, তোমাৰ তাওফীকেৰে, তোমাৰ ক্ষমতা আৰু শক্তি-সামৰ্থৰে গতি কৰি পুৱাৰ ভাগত উপনীত হ'লোঁ। (وَبِكَ أَمْسَيْنَا، وَبِكَ نَحْيَا، وَبِكَ نَمُوتُ) অৰ্থাৎ পূৰ্বৱৰ্তী শব্দসমূহৰ দৰেই, কিন্তু সন্ধিয়াৰ সময়ত এইদৰে কোৱা হয়ঃ হে আল্লাহ! আমি তোমাৰ অধীনতে সন্ধিয়াত উপনীত হ'লোঁ, তোমাৰ জীৱন দানকাৰী নামেৰে মই জীৱিত হওঁ আৰু তোমাৰ মৃত্যু প্ৰদানকাৰী নামেৰে আমি মৃত্যুবৰণ কৰোঁ। (وَإِلَيْكَ النُّشُورُ) আৰু মৃত্যুৰ পিছত তোমাৰ ওচৰতে পুনৰুত্থিত হৈ যাব লাগিব। মৃত্যুৰ পিছত পুনৰুত্থিত, একত্ৰিত হোৱাৰ পিছত বিচ্ছেদ, সকলো সময়তে আৰু সকলো পৰিস্থিতিতে এইটো আমাৰ অৱস্থা, ইয়াৰ পৰা আমি পৃথক হ'বও নোৱাৰোঁ আৰু এৰিবও নোৱাৰোঁ। আচৰৰ পিছত সন্ধিয়াত উপনীত হোৱাৰ সময়ত এনেকৈ ক'ব লাগেঃ ("আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ”৷) পৃথিৱীৰ প্ৰত্যাৱৰ্তনো তোমাৰ ওচৰতেই আৰু আখিৰাতৰ প্ৰত্যাৱৰ্তনো তোমাৰ ওচৰতেই, তুমিয়েই মোক জীৱন দান কৰা আৰু তুমিয়েই মোক মৃত্যু প্ৰদান কৰা।