জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এটা ছফৰত আছিল, হঠাৎ তেখেতে দেখা পালে যে, কিছুমান মানুহে এজন লোকক কেন্দ্ৰ কৰি ভিৰ কৰি আছে আৰু সেই মানুহজনে সিহঁতৰ ছাঁত বিশ্ৰাম লৈছে। তেখেতে গৈ সুধিলেঃ কি হৈছে এওঁৰ? লোকসকলে ক'লেঃ এওঁ ৰোজা অৱস্থাত আছে। তেতিয়া তেখেতে ক'লেঃ "ছফৰত চওম পালন কৰাটো কোনো ছোৱাবৰ কাম নহয়।" মুছলিমৰ বৰ্ণনাত আছে যে, "মহান আল্লাহে তোমালোকক যি শিথিলতা প্ৰদান কৰিছে, তোমালোকে সেয়া গ্ৰহণ কৰা।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এটা ভ্ৰমণত আছিল, সেই ভ্ৰমণতে তেখেতে দেখা পালে যে, কিছুমান মানুহে এজন লোকক কেন্দ্ৰ কৰি ভিৰ কৰি আছে আৰু সেই মানুহজনক সিহঁতে প্ৰচণ্ড ৰ'দৰ পৰা ছাঁ কৰি আছে, যাতে অধিক পিয়াহ নালাগে। তেখেতে গৈ সুধিলেঃ কি হৈছে এওঁৰ? লোকসকলে ক'লেঃ এওঁ ৰোজা ৰাখিছে। তেতিয়া তেখেতে ক'লেঃ ছফৰত ৰোজা ৰখাটো কোনো ছোৱাবৰ কাম নহয়। মহান আল্লাহে তোমালোকক যি শিথিলতা প্ৰদান কৰিছে, তোমালোকে সেয়া গ্ৰহণ কৰা।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোত বুজোৱা হৈছে যে, ইছলামী চৰীয়ত অত্যন্ত সহজ।
  • ভ্ৰমণ অৱস্থাত ৰোজা ৰখা আৰু নৰখা দুয়োটাই বৈধ।
  • কিন্তু যদি ভ্ৰমণত ৰোজা ৰখাটো কষ্টদায়ক হয় তেন্তে এনে অৱস্থাত ৰোজা ৰখাটো হৈছে মাকৰূহ (অপছন্দনীয়)। আনহাতে এই কষ্টত যদি মৃত্যু হোৱাৰ আশংকা থাকে, তেন্তে এনেকুৱা অৱস্থাত ৰোজা ৰখাটো হৈছে হাৰাম।
  • ইমাম নাৱাৱীয়ে কৈছেঃ "ভ্ৰমণত ৰোজা ৰখাটো কোনো ছোৱাবৰ কাম নহয়।" ইয়াৰ অৰ্থ হৈছেঃ যদি ভ্ৰমণত ৰোজা ৰখা কষ্টদায়ক হয় আৰু ক্ষতিৰ আশংকা থাকে। হাদীছটোৰ প্ৰেক্ষাপটে এই ব্যাখ্যাই প্ৰমাণ কৰে।
  • নবী চাল্লাল্লাহু আলাইহি অছাল্লাম চাহাবাসকলৰ প্ৰতি অত্যন্ত যত্নৱান আছিল আৰু সদায় তেওঁলোকৰ খা-খবৰ ৰাখিছিল।
explain-icon

অধিক