আমৰ ইবনে আমিৰৰ পৰা বৰ্ণিত, আনাছ ইবনে মালিকে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক নামাজৰ সময়তে অজু কৰিছিল। মই ক'লোঃ আপোনালোকে কি কৰিছিল? তেওঁ কৈছেঃ আমি অজু ভংগ নোহোৱালৈকে অজু কৰা নাছিলোঁ। ছহীহ - (বুখাৰী)
explain-icon

ব্যাখ্যা

হাদীছটোত কোৱা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ সময়তে অজু কৰিছিল, যদিও তেখেতৰ অজু ভংগ হোৱা নাছিল। এইটো তেখেতে ছোৱাব অৰ্জনৰ কাৰণে কৰিছিল। যদি অজু থাকে তেন্তে এটা অজুৰে একাধিক ফৰজ নামাজ পঢ়াত কোনো বাধা নাই।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • পৰিপূৰ্ণতা অৰ্জন কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক নামাজৰ সময়তে অজু কৰিছিল।
  • প্ৰত্যেক নামাজৰ সময়ত অজু কৰাটো মুস্তাহাব।
  • এটা অজুৰে একাধিক নামাজ আদায় কৰাটো বৈধ।
explain-icon

অধিক