আবূ ছালামা ইবনু আব্দিৰ ৰহমানে বৰ্ণনা কৰিছে যে, জাবিৰ ইবনে আব্দিল্লাহ আল-আনচাৰী ৰাদ্বিয়াল্লাহু ‘আনহুমাই অহী বন্ধ থকা সময়ছোৱাৰ ঘটনা বৰ্ণনা কৰি কৈছে যে, "(ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ) এদিনাখন মই খোজকাঢ়ি আছিলোঁ, হঠাৎ আকাশৰ পৰা এটা শব্দ শুনা পালোঁ, ফলত মই ওপৰৰ ফালে দৃষ্টিপাত কৰিলোঁ। দেখিলোঁ, সেইজন ফিৰিস্তা যিজন হিৰা গুহাত মোৰ ওচৰলৈ আহিছিল। তেওঁ আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী ঠাইত এখন আসনত বহি আছে। তেওঁক দেখি মই শংকিত হ'লোঁ। তৎক্ষণাত মই তাৰ পৰা (ঘৰলৈ) গুচি আহি ক'লোঁঃ মোক চাদৰ জাপি দিয়া। এই ঘটনাৰ পিছত মহান আল্লাহে অৱতীৰ্ণ কৰিলেঃ {يَا أَيُّهَا المُدَّثِّرُ1 قُمْ فَأَنْذِرْ} ৰ পৰা {وَالرُّجْزَ فَاهْجُرْ} লৈকে। (ছুৰা মুদ্দাচ্ছিৰঃ ১-৫) ইয়াৰ পাছত অহীৰ ধাৰাবাহিকতা পূৰ্ণাংগৰূপে আৰম্ভ হয়।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, নুবুওৱতৰ প্ৰথম সময়ছোৱাত যেতিয়া অহী বন্ধ হৈছিল তেতিয়াৰ কথা তেখেতে বৰ্ণনা কৰি কৈছে যে, এদিন মই খোজকাঢ়ি আছিলোঁ, হঠাৎ আকাশৰ পৰা এটা শব্দ শুনা পালোঁ, লগে লগে মই ওপৰৰ ফালে দৃষ্টিপাত কৰিলোঁ, দেখা পালোঁ যে, ফিৰিস্তা জিব্ৰীল যিজন গাৰে হিৰাত মোৰ ওচৰলৈ আহিছিল, তেওঁ আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী ঠাইত চকীত বহি আছে, মই তেওঁক দেখি ভীত-সন্ত্ৰস্ত তথা আতংকিত হৈ পৰিলোঁ। ইয়াৰ পিছত মই ঘৰলৈ উভতি গৈ মোৰ স্ত্ৰীক ক'লোঁ, মোক কাপোৰেৰে মেৰিয়াই দিয়া। ইয়াৰ পিছত মহান আল্লাহে অৱতীৰ্ণ কৰিলেঃ {يَا أَيُّهَا المُدَّثِّرُ} হে বস্ত্ৰাবৃত! {قُمْ} দাৱাত দিবলৈ সাজু হওক, {فَأَنْذِرْ} আৰু সতৰ্ক কৰক সেইসকল লোকক, যিসকলে আপোনাৰ ৰিছালতৰ প্ৰতি ঈমান পোষণ নকৰে। {وَرَبَّكَ} আৰু আপোনাৰ উপাস্য তথা প্ৰতিপালকৰ {فَكَبِّرْ} শ্ৰেষ্ঠত্ব ঘোষণা কৰক আৰু প্ৰশংসা কৰক। {وَثِيَابَكَ} আৰু আপোনাৰ পোছাক-পৰিচ্ছদ {فَطَهِّرْ} ময়লা-আৱৰ্জনা তথা অপৱিত্ৰতাৰ পৰা পৱিত্ৰ ৰাখক, {وَالرُّجْزَ} আৰু মূৰ্তি-প্ৰতিমা আদি অপৱিত্ৰতা (শ্বিৰ্ক) {فَاهْجُرْ} পৰিহাৰ কৰা। ইয়াৰ পিছত অহীৰ প্ৰক্ৰিয়া শক্তিশালী হয় উঠে আৰু বৃদ্ধি হয়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • সৰ্বশক্তিমান আল্লাহৰ বাণী {اقْرَأْ} অৱতীৰ্ণ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কিছু সময়ৰ বাবে অহী বন্ধ হৈছিল।
  • মানুহৰ জীৱনত অতীত হোৱা কষ্টৰ বিষয়ে আলোচনা কৰা বৈধ, আল্লাহৰ প্ৰতি কৃতজ্ঞতা স্বৰূপে।
  • {اقْرَأْ بِاسْمِ رَبِّكَ الَّذِي خَلَقَ} অৱতীৰ্ণ হোৱাৰ পিছত, সৰ্বপ্ৰথম মহান আল্লাহৰ এই বাণী {يَا أَيُّهَا الْمُدَّثِّرُ} অৱতীৰ্ণ হৈছিল।
  • নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মহান আল্লাহৰ এইটো এটা মহা অনুগ্ৰহ যে, তেখেতে এই পৃথিৱী পৰিত্যাগ কৰাৰ আগমূহুৰ্ত পৰ্যন্ত তেখেতৰ ওচৰলৈ নিৰৱচ্ছিন্নভাৱে অহী অৱতীৰ্ণ কৰিছিল।
  • মহান আল্লাহৰ প্ৰতি মানুহক আহ্বান কৰা অনিবাৰ্য্য। লগতে অৱজ্ঞাকাৰীসকলক সতৰ্ক কৰা আৰু অনুগতসকলক সুসংবাদ প্ৰদান কৰা জৰুৰী।
  • নামাজৰ বাবে কাপোৰ পৱিত্ৰ হোৱাটো অনিবাৰ্য্য। ইয়াৰ প্ৰমাণ হিচাপে মহান আল্লাহৰ এই বাণী উপস্থাপন কৰা হয়ঃ {وَثِيَابَكَ فَطَهِّرْ} অৰ্থঃ আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা।
  • ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা ওৱাজিব। লগতে মহান আল্লাহে তেওঁলোকৰ বাবে নিৰ্ধাৰণ কৰা কৰ্মৰ প্ৰতিও ঈমান ৰখা জৰুৰী।