নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, নুবুওৱতৰ প্ৰথম সময়ছোৱাত যেতিয়া অহী বন্ধ হৈছিল তেতিয়াৰ কথা তেখেতে বৰ্ণনা কৰি কৈছে যে, এদিন মই খোজকাঢ়ি আছিলোঁ, হঠাৎ আকাশৰ পৰা এটা শব্দ শুনা পালোঁ, লগে লগে মই ওপৰৰ ফালে দৃষ্টিপাত কৰিলোঁ, দেখা পালোঁ যে, ফিৰিস্তা জিব্ৰীল যিজন গাৰে হিৰাত মোৰ ওচৰলৈ আহিছিল, তেওঁ আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী ঠাইত চকীত বহি আছে, মই তেওঁক দেখি ভীত-সন্ত্ৰস্ত তথা আতংকিত হৈ পৰিলোঁ। ইয়াৰ পিছত মই ঘৰলৈ উভতি গৈ মোৰ স্ত্ৰীক ক'লোঁ, মোক কাপোৰেৰে মেৰিয়াই দিয়া। ইয়াৰ পিছত মহান আল্লাহে অৱতীৰ্ণ কৰিলেঃ {يَا أَيُّهَا المُدَّثِّرُ} হে বস্ত্ৰাবৃত! {قُمْ} দাৱাত দিবলৈ সাজু হওক, {فَأَنْذِرْ} আৰু সতৰ্ক কৰক সেইসকল লোকক, যিসকলে আপোনাৰ ৰিছালতৰ প্ৰতি ঈমান পোষণ নকৰে। {وَرَبَّكَ} আৰু আপোনাৰ উপাস্য তথা প্ৰতিপালকৰ {فَكَبِّرْ} শ্ৰেষ্ঠত্ব ঘোষণা কৰক আৰু প্ৰশংসা কৰক। {وَثِيَابَكَ} আৰু আপোনাৰ পোছাক-পৰিচ্ছদ {فَطَهِّرْ} ময়লা-আৱৰ্জনা তথা অপৱিত্ৰতাৰ পৰা পৱিত্ৰ ৰাখক, {وَالرُّجْزَ} আৰু মূৰ্তি-প্ৰতিমা আদি অপৱিত্ৰতা (শ্বিৰ্ক) {فَاهْجُرْ} পৰিহাৰ কৰা। ইয়াৰ পিছত অহীৰ প্ৰক্ৰিয়া শক্তিশালী হয় উঠে আৰু বৃদ্ধি হয়।