নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদৰ ভিতৰত মহান আল্লাহৰ নৈকট্য অৰ্জনাৰ্থে এতিকাফত বহিছিল, সেই সময়ত তেখেতে লক্ষ্য কৰিলে যে, চাহাবাসকলে উচ্চস্বৰে চিঞৰি কোৰআন তিলাৱত কৰি আছে, ফলত ইজনৰ দ্বাৰা সিজনৰ অসুবিধা হৈ আছিল। তেতিয়া তেখেতে তম্বুৰ পৰ্দা গুচাই বাহিৰলৈ চাই সেই চাহাবাসকলক ভৰ্ৎসনা কৰি ক'লেঃ শুনা! তোমালোকে প্ৰত্যেকেই আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে কোৰআন পঢ়ি আছা, কিন্তু ইয়াৰ দ্বাৰা যাতে কোনোবাই কষ্ট নাপায় বা কাৰোবাৰ যাতে অসুবিধা নহয়। সেয়ে কোৰআন পঢ়াৰ সময়ত অথবা নামাজ পঢ়াৰ সময়ত ইজনে সিজনতকৈ উচ্চ ধ্বনিত কোৰআন তিলাৱত নকৰিবা।