আব্দুল্লাহ ইবনু ওমৰ আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁলোক উভয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে, তেখেতে মিম্বৰৰ চিঢ়িত থিয় হৈ কৈছেঃ "জুমুআৰ চালাত ত্যাগকাৰীসকলে যেন এই অভ্যাস পৰিত্যাগ কৰি দিয়ে, অন্যথা আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিব, ফলত সিহঁত অমনোযোগীসকলৰ অন্তৰ্ভুক্ত হৈ যাব।" ছহীহ - (মুছলিম)
explain-icon

ব্যাখ্যা

হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মিম্বৰত থিয় হৈ এই সতৰ্কবাণী প্ৰদান কৰিছে যে, যিসকলে উপযুক্ত কাৰণ নোহোৱাকৈ অৱহেলা আৰু অলসতাৰ বশৱৰ্তী হৈ জুমুআৰ চালাত পৰিত্যাগ কৰে, সিহঁতে এই অভ্যাসৰ পৰা বিৰত থাকিব লাগে, অন্যথা আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিব তথা সত্যৰ অনুসৰণৰ পৰা বিৰত ৰাখিব পৰা বাধা সৃষ্টিকাৰী আৱৰণ লগাই দিব। ইয়াৰ পিছত সিহঁত অমনোযোগীসকলৰ অন্তৰ্ভুক্ত হৈ পৰিব আৰু কল্যাণৰ মাধ্যমৰ পৰা আঁতৰ হ'ব। নেক কৰ্মৰ পৰা সিহঁতৰ অন্তৰ আঁতৰি থাকিব।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • জুমুআৰ নামাজ পৰিত্যাগ কৰাৰ ক্ষেত্ৰত কঠিনভাৱে সতৰ্ক কৰা হৈছে। এইটো হৈছে কবীৰাহ গুনাহ তথা মহাপাপ।
  • ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা বুজা যায় যে, জুমুআৰ নামাজ হৈছে ফৰজে আঈন।
  • খুতবাৰ বাবে মিম্বৰ ৰখা বৈধ।
  • ছিন্ধী ৰাহিমাহুল্লাহে কৈছেঃ ইয়াৰ অৰ্থ হৈছে, দুটা বিষয়ৰ যিকোনো এটা নিশ্চয় হ'ব, হয় মানুহে জুমুআ পৰিত্যাগ কৰাৰ পৰা বিৰত থাকিব, নহয় সিহঁতৰ অন্তৰত আল্লাহে মোহৰ মাৰি দিব। কিয়নো জুমুআ পৰিত্যাগ কৰাৰ অভ্যাসে মানুহৰ অন্তৰত গুনাহৰ মামৰ সৃষ্টি কৰে, আৰু মানুহক নেক কৰ্মৰ পৰা বিৰত ৰাখে।
  • বক্তা তথা নছীহতকাৰী ব্যক্তিয়ে নাম প্ৰকাশ নকৰাকৈ উহ্যভাৱে নছীহত কৰা উচিত, কাৰণ এনেকুৱা কৰিলে উপদেশ সহজে গ্ৰহণ কৰিব আৰু নিৰ্দেশনা পালন কৰিব।