নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জুমুআৰ নামাজ পৰিত্যাগ কৰাৰ পৰা সতৰ্ক কৰিছে। তেখেতে কৈছে, যিয়ে অৱহেলা কৰি কোনো উপযুক্ত কাৰণ নোহোৱাকৈ তিনিটা জুমুআ পৰিত্যাগ কৰিব, আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিব তথা পৰ্দাৰ আৱৰণ সৃষ্টি কৰি দিব, ফলত কল্যাণ তাৰ অন্তৰত ঢুকি নাপাব।