হাদীছটোত উল্লেখ হৈছে যে, আলী ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম ত্যাগ কৰা কেইজনমান নাস্তিকক জুইত নিক্ষেপ কৰি শাস্তি বিহিছিল। এই খবৰ আব্দুল্লাহ ইবনে আব্বাছে লাভ কৰাৰ পিছত তেওঁ সিহঁতৰ শাস্তিৰ বিষয়টোক সমৰ্থন কৰিছিল কিন্তু জুইত পুৰি শাস্তি বিহা কাৰ্য্যক সমৰ্থন কৰা নাছিল। তেওঁ কৈছিল, সেই পদৱীত যদি মই থাকিলোঁহেঁতেন তেন্তে কেতিয়াও মই সিহঁতক জুইত নিক্ষেপ কৰি শাস্তি নিদিলোঁহেঁতেন। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, জুইৰ দ্বাৰা শাস্তি বিহা উচিত নহয়, কাৰণ জুইৰ শাস্তি কেৱল আল্লাহে বিহিব। ইয়াৰ বিপৰীতে সিহঁতক হত্যা কৰিলেই যথেষ্ট হ'লহেঁতেন, কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে ইছলামৰ পৰা আঁতৰি যায় আৰু নিজৰ ধৰ্ম পৰিবৰ্তন কৰে তাক তোমালোকে হত্যা কৰা।