অয়েল বিন হুজৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়িছোঁ, তেখেতে সোঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। এইদৰে বাওঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।" হাছান - (আবু দাঊদ)