নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পূৰ্ণাংগ উত্তম চৰিত্ৰৰ অধিকাৰী আছিল। তেখেত সকলো প্ৰকাৰ উৎকৃষ্ট গুণ আৰু সৌন্দৰ্য্যতাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰপ্ৰাপ্ত আছিল। যেনে- উত্তম কথা কোৱাৰ ক্ষেত্ৰত, সৎকৰ্ম কৰাৰ ক্ষেত্ৰত, হাঁহিমুখে সাক্ষাৎ কৰাৰ ক্ষেত্ৰত, মানুহক কষ্ট নিদিয়াৰ ক্ষেত্ৰত, আৰু মানুহে দিয়া কষ্টত ধৈৰ্য্য ধাৰণৰ ক্ষেত্ৰত।