নু’মান ইবনে বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত মানুহক আল্লাহৰ নিয়ামতৰ কথা সোঁৱৰাই দি কৈছে যে, তোমালোক কিমান সুখী আৰু স্বাচ্ছন্দ্য অৱস্থাত আছা। তোমালোকে নিজৰ খোৱা-লোৱা কৰিব পৰা স্বাধীনতা আছে, যিমান পৰিমাণ খাব বিচৰা সিমান পৰিমাণে খাব পাৰা। ইয়াৰ পিছত তেওঁ নবী ﷺ-ৰ অৱস্থা সম্পৰ্কে বৰ্ণনা কৰিছে যে, তেখেত ভোকৰ তাড়না দূৰ কৰিবলৈ তথা পেট ভৰাবলৈ নিম্ন মানৰ শুকান খেজুৰো বিচাৰি পোৱা নাছিল।