নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, দুনিয়া আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তু আল্লাহৰ দৃষ্টিত অপছন্দনীয়, ঘৃণীত তথা পৰিত্যক্ত। ইয়াত প্ৰশংসনীয় একো নাই। কিয়নো ইয়াত থকা প্ৰতিটো বস্তুৱে আল্লাহৰ জিকৰ আজকাৰৰ পৰা ব্যস্ত ৰাখে আৰু দূৰৈত ৰাখে। একমাত্ৰ আল্লাহৰ জিকৰৰ বাহিৰে আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে। অথবা শ্বাৰয়ী জ্ঞানৰ অধিকাৰী আলিমৰ বাহিৰে যিয়ে মানুহক ইল্ম শিক্ষা দিয়ে, লগতে শ্বাৰয়ী জ্ঞান অৰ্জনকাৰী শিক্ষাৰ্থীৰ বাহিৰে।