নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মহিলাসকলক মৃত ব্যক্তিৰ বাবে তিনি দিনতকৈ অধিক সময় শোক পালন কৰিবলৈ নিষেধ কৰিছে, লগতে তেখেতে সিহঁতক এই অৱস্থাত সুগন্ধি, কাজল, আ-অলংকাৰ আৰু সুন্দৰ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ কৈছে। মৃত ব্যক্তি পিতৃ হওক বা ভাই নাইবা পুত্ৰ অথবা অন্য কোনো আত্মীয়। কিন্তু স্বামীৰ ক্ষেত্ৰত চাৰি মাহ দহ দিন শোক পালন কৰিব লাগিব। স্বামীৰ শোক পালন কৰা অৱস্থাত নাৰীয়ে সকলো ধৰণৰ ৰঙীন সুসজ্জিত কাপোৰ পৰিহাৰ কৰিব লাগে, কেৱল ‘ছাওবুল আচাব’ (এবিধ য়ামানী ৰঙীন কাপোৰ) পিন্ধিব পাৰিব, যিটো বয়নৰ আগতেই ৰং কৰা হয়। এইদৰে সাজি কাঁচি থকাৰ উদ্দেশ্যে চকুত কাজল ব্যৱহাৰ কৰিব নোৱাৰিব, সুগন্ধি দ্ৰব্য (যিকোনো সুগন্ধি) স্পৰ্শ কৰিব নোৱাৰিব। কিন্তু যদি তাই ঋতুস্ৰাৱৰ পৰা পবিত্ৰ হয়, সেই সময়ত অতি সামান্য পৰিমাণে ‘কুস্ত’ অথবা ‘আযফাৰ’ (এবিধ সুগন্ধি) ব্যৱহাৰ কৰিব পাৰে। এই সুগন্ধি দুটা হৈছে এক প্ৰকাৰ ধূপ, সুগন্ধি হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হোৱা নাই, বৰং ঋতুস্ৰাৱৰ দুৰ্গন্ধ দূৰ কৰিবলৈ হায়েজৰ পৰা পৱিত্ৰ হৈ যৌনাংগত ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে। যাতে তেজৰ বেয়া প্ৰভাৱ তথা দুৰ্গন্ধ দূৰ হয়।