আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহ তা‘আলা পাক-পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহ তা‘আলাই মুমিনসকলক কেৱল সেই কাম কৰাৰ হুকুম দিছে যিটো কৰাৰ হুকুম তেওঁ ৰাছুলসকলক দিছিল। এতেকে আল্লাহ তা‘আলাই কৈছে: (হে ৰাছুলসকল! পৱিত্ৰ বস্তু আহাৰ কৰা আৰু নেক আমল কৰা।) আল্লাহ তা‘আলাই আৰু কৈছে: (হে মুমিনসকল! আমি তোমালোকক যি পৱিত্ৰ জীৱিকা দান কৰিছোঁ তাৰ পৰা আহাৰ কৰা।) ইয়াৰ পিছত তেখেতে (ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে) এনে এজন ব্যক্তিৰ কথা উল্লেখ কৰিলে যিজন ব্যক্তি দীৰ্ঘ ছফৰত ওলাইছে, আৰু যাৰ চুলিবোৰ অপৰিপাটি তথা ফণিওৱা নাই, লগতে তাৰ কাপোৰ ধূলি বালিৰে ময়লা হৈছে। এনে অৱস্থাত সি নিজৰ দুহাত আকাশৰ ফালে দাঙি এইদৰে দুআ কৰিবলৈ ধৰে আৰু কয়: হে মোৰ ৰব্ব! হে মোৰ ৰব্ব! অথচ তাৰ খাদ্য হাৰাম, তাৰ পানীয় হাৰাম, তাৰ পোছাক হাৰাম, সি হাৰামভাৱে লালিত-পালিত হৈছে; সেই ব্যক্তিৰ দুআ কেনেকৈ কবূল হ’ব!? ছহীহ - (মুছলিম)
explain-icon

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ পৱিত্ৰ, তেওঁ সকলো দোষ-ত্ৰুটিৰ পৰা পাক তথা সকলো ফালৰ পৰা পূৰ্ণাংগৰ বিশেষণেৰে বিশেষিত। সেয়ে তেওঁ কেৱল সেইবোৰ কথা কৰ্ম আৰু আক্বীদাহে গ্ৰহণ কৰে যিটো পৱিত্ৰ। যিটো নিৰ্ভেজালভাৱে আল্লাহৰ বাবে কৰা হয় আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি মুতাবিক কৰা হয়। ইয়াৰ বাহিৰে বেলেগ কোনো উপায়েই আল্লাহৰ নৈকট্য অৱলম্বন কৰা সম্ভৱ নহয়। মুমিন আমল সৎ হোৱাৰ আন এটা ডাঙৰ উৎস হৈছে হালাল তথা পৱিত্ৰ বস্তু ভক্ষণ কৰা। ইয়াৰ ফলত আমল পৱিত্ৰ হয়। এই কাৰণেই মহান আল্লাহে মুমিনসকলকো সেই নিৰ্দেশ দিছে যিটো নিৰ্দেশ তেওঁ ৰাছুলসকলক প্ৰদান কৰিছিল যে, হালাল খাদ্য ভক্ষণ কৰা আৰু নেক আমল কৰা। তেওঁ কৈছেঃ "হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত"। (ছুৰা আল-মুমিনূনঃ ৫১) তেওঁ আৰু কৈছেঃ "হে ঈমান্দাৰসকল! তোমালোকক আমি যিবোৰ জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা"। (ছুৰা আল-বাক্বাৰাহঃ ১৭২) ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাৰাম খাদ্যৰ পৰা সতৰ্ক কৰিছে, ইয়াৰ ফলত আমল বিনষ্ট হয় তথা আমল কবূল নহয়, যদিও বাহ্যিকভাৱে উপায় অৱলম্বন কৰা হয়। প্ৰথমঃ কোনো সৎকৰ্ম কৰিবলৈ দূৰৱৰ্তী ভ্ৰমণ কৰে, যেনে- হজ্জ কৰিবলৈ, জিহাদ কৰিবলৈ অথবা আত্মীয়তাৰ বন্ধন ৰক্ষা কৰিবলৈ। দ্বিতীয়ঃ চুলিবোৰ অপৰিপাটি হৈ থকা, চুলি নফণিওৱাৰ কাৰণে। ৰং পৰিবৰ্তন হৈ যোৱা, পৰিধান কৰা কাপোৰত ময়লা আৱৰ্জনা লগা আৰু অসহায় অৱস্থাত থকা। তৃতীয়ঃ দুআ কৰিবলৈ দুয়ো হাত আকাশৰ পিনে উঠায়। চতুৰ্থঃ আল্লাহৰ নামেৰে অছিলা মাগি কান্দি কান্দি দুআ কৰি কয়, হে মোৰ ৰব্ব, হে মোৰ ৰব্ব! এই সকলোবোৰ উপায় অৱলম্বন কৰাৰ পিছতো তাৰ দুআ কবুল নহয়। কাৰণ তাৰ খাদ্য, পানীয় আৰু পৰিধান হৈছে হাৰাম, তাৰ জীৱিকাই হাৰাম। গতিকে এইবোৰ থকা অৱস্থাত তাৰ দুআ কবূল হোৱাটো অসম্ভৱ, আৰু কেনেকৈ বা কবূল হ'ব।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • মহান আল্লাহ সত্তাগতভাৱে, বৈশিষ্ট্যগতভাৱে, লগতে কৰ্ম আৰু বিধান প্ৰণয়নৰ ক্ষেত্ৰত স্বয়ংসম্পূৰ্ণ তথা পৰিপূৰ্ণতাৰ অধিকাৰী।
  • ইখলাচৰ সৈতে তথা নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই দিয়া পদ্ধতি মোতাবিক আমল কৰিবলৈ নিৰ্দেশ দিছে।
  • যিবোৰ কৰ্মই উৎসাহিত কৰে, তেনেকুৱা কৰ্মক আমলত পৰিণত কৰা। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় মহান আল্লাহে ৰাছুলসকলক যি নিৰ্দেশ দিছে, সেইটোৱে মুমিনসকলকো নিৰ্দেশ দিছে। এতেকে মুমিনে যেতিয়া জানিব যে, এইটো ৰাছুলসকলক দিয়া নিৰ্দেশ, তেতিয়া লগে লগে সেইটোক আমলত পৰিণত কৰা উচিত।
  • হাৰাম খাদ্য হৈছে দুআ কবুল নোহোৱাৰ অন্যতম এটা কাৰণ।
  • পাঁচটা বস্তু হৈছে দুআ কবুল হোৱাৰ অন্যতম উপায়। ১) দূৰৱৰ্তী ভ্ৰমণত বিনয়ী অৱস্থাত কৰা দুআ হৈছে দুআ কবুল হোৱাৰ অন্যতম এটা ডাঙৰ উপায়। ২) অসহায় অৱস্থাত দুআ কৰা। ৩) আকাশৰ পিনে হাত তুলি দুআ কৰা। ৪) আল্লাহৰ প্ৰভুত্ব স্বীকাৰ কৰি তেওঁক মাতি কান্দি কান্দি দুআ কৰা। বিচৰা বস্তু পোৱাৰ তথা দুআ কবুল হোৱাৰ এইটোও এটা অন্যতম উপায়। ৫) পৱিত্ৰ তথা হালাল খাদ্যদ্ৰৱ্য ভক্ষণ কৰা।
  • পৱিত্ৰ তথা হালাল খাদ্য হৈছে সৎকৰ্মৰ অন্যতম সহায়ক।
  • ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ পৱিত্ৰ হৈছে অপৱিত্ৰৰ পৰিপন্থী। গতিকে এইটো যদি মহান আল্লাহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ দ্বাৰা বুজোৱা হয় যে, তেওঁ সকলো প্ৰকাৰ অসম্পূৰ্ণতাৰ পৰা সুৰক্ষিত আৰু সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। যেতিয়া এইটো বান্দাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ অৰ্থ হয় যে, তেওঁ বেয়া আচৰণ আৰু বেয়া কৰ্মৰ পৰা আঁতৰত তথা ভাল গুণেৰে সুসজ্জিত। যেতিয়া এইটো সম্পদৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ দ্বাৰা বুজোৱা হয় যে, এইটো হালাল আৰু উত্তম সম্পদ।
explain-icon

অধিক