নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মৃত্যুবৰণ কৰিছিল তেতিয়া তেখেতৰ ওচৰত কোনো দীনাৰ (স্বৰ্ণমুদ্ৰা) বা দিৰহাম (ৰৌপ্যমুদ্ৰা) নাছিল। এইদৰে কোনো দাস-দাসীও নাছিল আৰু কোনো ঘৰচীয়া পশুধন যেনে- ছাগলী, উট আদিও নাছিল। কেৱল আছিল মাত্ৰ তেখেতে বাহন হিচাপে ব্যৱহাৰ কৰা তেখেতৰ এটি গাধ, আৰু তেখেতৰ সেই অস্ত্ৰ যিটো তেখেতে ধাৰণ কৰিছিল। লগতে এৰি থৈ গৈছিল এটুকুৰা ভূমি, যিটো তেখেতে জীৱিত অৱস্থাতে পথযাত্ৰীসকলৰ বাবে ব্যয় কৰাৰ উদ্দেশ্যে ওৱাকফ কৰি থৈছিল।