আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ'ল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ কোৰআন তিলাৱত কৰিছিল। তেওঁ উত্তৰত ক'লে যে, তেখেতে ধীৰ স্থিৰে টানি টানি কোৰআন তিলাৱত কৰিছিল। তেখেতে বিছমিল্লাহৰ লাম টানিছিল, আৰু ৰাহমানত থকা মীম টানিছিল, এইদৰে ৰাহীমত থকা হা টানি পঢ়িছিল।