আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ পাত্ৰৰ পৰা যদি কুকুৰে সেৱন কৰে তেন্তে সেই পাত্ৰটো সাতবাৰ ধুই ল'বা।" মুছলিমৰ বৰ্ণনাত আছে যে, "প্ৰথমে মাটিৰে ঘঁহিবা।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

যদি কুকুৰে কোনো পাত্ৰত মুখ দিয়ে তেন্তে সেই পাত্ৰটোক সাতবাৰ ধুবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে। প্ৰথমে সেইটোক মাটিৰে ঘঁহিব দিছে, তাৰ পিছত পানীৰে ধুব লাগে। তেতিয়াহে পৰিপূৰ্ণৰূপে অপৱিত্ৰতাৰ পৰা আৰু অনিষ্টকৰ বীজাণুৰ পৰা পৰিষ্কাৰ হ'ব।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • কুকুৰৰ মুখৰ পানী অপৱিত্ৰ, ঘোৰ অপৱিত্ৰ।
  • কুকুৰে পাত্ৰ চেলেকিলেই অপৱিত্ৰ হৈ যায়, তাত থকা পানীও অপৱিত্ৰ হয়।
  • মাটিৰে ঘঁহি সাতবাৰ ধুই পৰিষ্কাৰ কৰাটো হৈছে কেৱল কুকুৰে চেলেকাৰ সৈতে নিৰ্দিষ্ট। কিন্তু কুকুৰে প্ৰস্ৰাৱ কৰিলে বা কুকুৰৰ শৰীৰৰ অন্য কোনো অপৱিত্ৰতা এই পদ্ধতিৰে দূৰ নহয়।
  • মাটিৰে পাত্ৰটো পৰিষ্কাৰ কৰাৰ পদ্ধতি হৈছে, পাত্ৰটোত অকণমান পানী লৈ তাত মাটি দি ঘঁহি ঘঁহি পৰিষ্কাৰ কৰা।
  • সকলো প্ৰকাৰ কুকুৰ এই হাদীছৰ অন্তৰ্ভুক্ত। আনকি সেইবোৰ কুকুৰো ইয়াৰ অন্তৰ্ভুক্ত যিবোৰ লালন-পালন কৰাৰ অনুমতি চৰীয়তে প্ৰদান কৰিছে। যেনে- চিকাৰ কৰিবলৈ, পহৰা দিবলৈ ৰখা কুকুৰ, আৰু জীৱ-জন্তুৰ পালৰ সৈতে ৰখা কুকুৰ।
  • মাটিৰ সৈতে চাবোন শ্বেম্পু আদিৰ তুলনা নহয়। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মাটিৰে ঘঁহিবলৈ নিৰ্দেশ দিছে।
explain-icon

অধিক