কাপোৰত বা শৰীৰত প্ৰস্ৰাৱ লাগিলে দ্ৰুত ধুই পেলোৱা আৰু তাৰ পৰা পৱিত্ৰ হোৱা উত্তম। যাতে নাপাকী লাগি নাথাকে। কিন্তু নামাজৰ সময়ত ইয়াক দূৰ কৰাটো হৈছে অনিবাৰ্য।
নিশ্চয় প্ৰস্ৰাৱ হৈছে নাপাক। যেতিয়া শৰীৰত অথবা কাপোৰত নাইবা কোনো স্থানত লাগি যায় তেতিয়া ই সেইবোৰক নাপাক কৰি দিয়ে। সেই শৰীৰত বা সেই কাপোৰেৰে নাইবা সেই ঠাইত চালাত শুদ্ধ নহ’ব। কাৰণ নাপাকীৰ পৰা পৱিত্ৰ হোৱাটো চালাতৰ অন্যতম এটা চৰ্ত।
প্ৰস্ৰাৱৰ পৰা পৱিত্রতা অর্জন নকৰাটো হৈছে কবীৰাহ গুনাহ।