হাদীছটোত জুন্দুব বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সাহচৰ্য্যত আছিলোঁ, আৰু আমি আছিলোঁ প্ৰাপ্তবয়স্কত উপনীত হোৱাৰ বয়সত, শক্তিশালী তথা মজবুত আছিলোঁ। সেই সময়ছোৱাত আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোৰআন শিকাৰ আগতে ঈমান সম্পৰ্কে শিকিছিলোঁ। ইয়াৰ পিছত আমি কোৰআন শিকিছিলোঁ, ফলত আমাৰ ঈমান বৃদ্ধি হৈছিল।