ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়াই কোনো সম্প্ৰদায়ৰ সৈতে যুদ্ধ কৰিছিল, তাৰ আগতেই সিহঁতক ইছলামৰ প্ৰতি আহ্বান কৰিছিল। যদি সিহঁতে সেই আহ্বানত সঁহাৰি দিয়া নাছিল, তেতিয়া সিহঁতৰ সৈতে যুদ্ধ কৰিছিল।